পৃষ্ঠা:গুৰুচৰিত.djvu/৪৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭৫
 

কত কড়ি লাগিল ছাগল কিনিবাক।
কত বৰ উচ্চ ছাগ দেখায়ো আমাক॥২২০৩
দুই শৃঙ্গ ভাল হুইবে আখি দুই কৰ্ণ।
কিবা দুয়ো গোটা কলা কিবা শুক্লবৰ্ণ॥
আগক আনিয়ো দেখো দুগোটা ছাগক।
শুনি ৰামদাসে মাতিলন্ত মাধৱক॥২২০৪
মোহোৰ বচন ডেকাগিৰি শুনিয়োক।
ফহো সত্য কথা তুমি নখঙ্গিবা মোক॥
ছাগল কিনিবে গৈলো কৰিয়া যতন।
আছন্ত শঙ্কৰ তঙ্কে ভৈলো দৰশন॥ ২২০৫
বসিয়া আছন্ত মহা ৰূপ চমৎকাৰ।
দেখি চৰণত কৰিলোহো নমস্কাৰ॥
বসিলো আসনে মোত কথা পুছিলন্ত।
কহিলো সমন্তে মই তোমাক বৃত্তান্ত॥২২০৬
হাসিয়া শঙ্কৰে পাচে বুলি বচন।
বৃথা দুখ পাৱে কৰি কৰ্ম্মক যতন॥
বলি কাটি যিটো অন্য দেৱক পুজয়।
অন্তকালে সেহি বলি তাহাক কাটয়॥ ২২০৭
যাতনা ভুঞ্জিয়া মৰে নাহিকে নিস্তাৰ।
নপাৰে ফলক দুখ মাত্ৰ পাৰে সাৰ।
বিস্তৰ কহিলা আৰো মোহোৰ আগত।
ভয়ে নিকিনিলো ছাগ কৈলো স্বৰূপত॥ ২২০৮