এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৮
গুৰু-চৰিত
মূঢ়মতি ৰাম চৰণে কহয়
ডাকি বোলা ৰাম ৰাম॥২০৩৩
______
পদ
বাপসনাতন সমে যেবে চলিলন্ত।
শুনিয়োক যিটো মহাতীৰ্থক পাইলন্ত॥
নামে সীতাকুণ্ড সিটো মহামোক্ষ খান।
অতি পুণ্যভাগী তীৰ্থ গঙ্গাৰ সমান॥২০৩৪
তাহাৰ মহিমা গুণ কহন নযায়।
তাতে স্নান কৰি লোকে বিষ্ণুপুৰী যায়॥
এক গিৰি আছে ভাত নহাঠয় পাৱে৷
ভৰি দিলে কুষ্ঠৰোগ হয় সৰ্ব্বগাৱে॥২০৩৫
উৰুত বান্ধিয়া পাৱ আণ্ঠুৱে বুলয়।
চাৰি দণ্ড পথ গৈয়া তেবেসে মিলয়॥
পাৱে পাৱে যান্ত হাঠি যত যাত্ৰী নৰ।
তেবে পাৱে সীতাকুণ্ড তীৰ্থ শ্ৰেষ্ঠতৰ॥২০৩৬
গৈলন্ত শঙ্কৰ সমে যাত্ৰী আঠজন।
দুই ভায়ো লগে গৈল ৰূপসনাতন॥
প্ৰথমতে পূৱৰ বাটত কৰে স্নান৷
বজাৱয় কাকপক্ষী অসংখ্য প্ৰমাণ॥২০৩৭