পৃষ্ঠা:গুৰুচৰিত.djvu/৪৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৭
গুৰু-চৰিত

শঙ্কৰে বোলন্ত মিতা গুৰু চাহিয়োক।
প্ৰসাদক লৈয়া শীঘ্ৰে আসে পাণ্ডা লোক॥
মোক লাগি প্ৰসাদক দিলা জগন্নাথে।
জানি তোৰাসবে থান মাৰ্জ্জা আথে বেথে॥১৯৪৪
সৰ্ব্বজয় কমণ্ডলু জলে মুচি থান।
শঙ্কৰ বহিয়া আছে একদণ্ড মান॥
পাণ্ডাগণে শঙ্কৰৰ যাই ৰূপ চাই।
জগন্নাথ যেন কহিয়াছে অভিপ্ৰায়॥ ১৯৪৫
সেহি মুখ দেখি নেত্ৰ তেহুয় গমন।
শুক্ল লোমপান্তি তেহ্ল অৰুণ চৰণ॥
পাণ্ডা বোলে প্ৰভুৱে আমাক চিনাইলেক।
শঙ্কৰ বুলিয়া এহি জনক কৈলেক॥১৯৪৬
হাজাৰ দশেক লোক ক্ষেত্ৰ বুলি আসে।
সবাতো কৰিয়া তান শৰীৰ প্ৰকাশে॥
জানিলো মনুষ্য নহে সাক্ষাত ঈশ্বৰ৷
জগত কাৰণ প্ৰভু দেৱ মহেশ্বৰ॥১৯৪৭
এহি বুলি পাণ্ডাগণ তান পাশ পাইলা।
নমস্কাৰ কৰি আগে প্ৰশাদক থৈলা॥
মহা প্ৰসাদক খাই শঙ্কৰৰ ৰঙ্গ৷
নানো দেশযাত্ৰীগণে লৈলা তান সঙ্গ॥১৯৪৮
শঙ্কৰে বোলন্ত পাণ্ডাগণ আইলা কিক।
কোনে প্ৰসাদক দিয়া পঠাইলা ইঠাইক॥

২৭