পৃষ্ঠা:গুৰুচৰিত.djvu/৪৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৫
গুৰু-চৰিত

{{Block center|

ইসব কথাক আবে এহিমানে থওঁ।
জগন্নাথ পাণ্ডা আবে যেন ভৈলা কওঁ॥
আসিল শঙ্কৰ জগন্নাথে হেন জানি।
পাণ্ডাসকলক চাই বুলিলন্ত বাণী॥ ১৯৩৩
শুনা বাপু পাণ্ডাসব চলাহা সত্বৰে।
আমাক দেখিবে প্ৰতি আসিল শঙ্কৰে॥
মোৰ প্ৰাণনাথ বুলি আহাঙ্ক জানাহা।
প্ৰসাদ দ্ৰব্যক লৈয়া সবে পাণ্ড যাহা॥ ১৯৩৪
মোৰ নমস্কাৰ জনাইবাহা তান পাৱে।
দিবাহা প্ৰসাদ শঙ্কৰক ভাৱে॥
পাণ্ডা বোলে শৰক চিনিব কিমত।
জগন্নাথ বোলে মই চিনি দিব তাত॥ ১৯৩৫
শুনা পাণ্ডাগণ তান যেন ৰূপ গুণ।
স্বভাৱতে বৃদ্ধ তেবে বয়সে তৰুণ॥
গমনে মাতঙ্গ বাক্যে মেঘৰ গৰ্জ্জন।
ছত্ৰাকৃত মাথা নেত্ৰ অৰুণ চৰণ॥ ১৯৩৬
উন্নত নাসিকা ভ্ৰূৰ ধনুৰ সমান।
আঙ্গুলি চম্পক নয় নীল যে মোলান॥
বহল হৃদয় তাতে শুক্ল লোম পাখি।
পাট-পীত পচৰা শৰীৰ কৰে কান্তি॥১৯৩৭
কটিমধ্যে দেখি কেন হৰৰ ডম্বৰু।
ৰামকল সদৃশ প্ৰকাশে দুই উৰু॥

}