পৃষ্ঠা:গুৰুচৰিত.djvu/৪২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৩
তৃতীয় খণ্ড

এহি বুলি নৱজনী ভৈল অন্তৰ্ধান।
তাসম্বাক দেখি তৰতৰি কাম্পে প্ৰাণ॥
এভো গাৱ শিহৰয় জাত জাত কৰি।
দেখিলোহো কন্যাগণ পৰম সুন্দৰী॥১৯২২
শঙ্কৰক নমস্কাৰ কৰি চলি গৈল।
শঙ্কৰক স্ততি-নতি নৱজনী কৈলা॥
নুহিকা মানুষ এন্তে দৈৱকী কুমাৰ।
জগতত ঈশ এন্তে জানা সাৰে সাৰ॥১৯২৩
গঙ্গায়ো কাৰুণ্য কৰে ইটো শঙ্কৰক।
শুনি যত যাত্ৰীগণ হৰিব ভৈলেক॥
গঙ্গাক লাগিয়া যাত্ৰীসব লৰি গৈলা৷
স্নান কৰিবাক সবে যাত্ৰীগণ লৈলা॥১৯২৪
জলহন্তে পাচে যেবে উঠিলা শঙ্কৰ৷
ব্ৰাহ্মণসবক দান দিলন্ত বিস্তৰ॥
দান দক্ষিণাক কৰি পাচে পিণ্ড দিলা।
পিতৃ পিতামহ অস্থি জলত অৰ্পিলা॥১৯২৫
পুনু জলে নামি সহস্ৰেক দিলা বুৰ।
জলহন্তে উঠে কন্যা পৰম সুন্দৰ॥
দেৱাঙ্গ বসন পিন্ধি ৰত্ন আভৰণে৷
উঠিলেক কন্যা দেখিলে সৰ্ব্বজনে॥১৯৪৬
চাহি আছে দৃষ্টি ভৰি সমস্ত সমাজে।
শঙ্কৰক স্তুতি কৰি বসি জন মাজে॥