পৃষ্ঠা:গুৰুচৰিত.djvu/৪২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১১
তৃতীয় খণ্ড

শৰীৰতে মন প্ৰাণ সবে সমৰ্পিল।
আপুন মনৰ চেষ্টা সবে বিসৰ্জ্জিল॥
নৱদিন একেপথে এহিমতে যাই।
নৱদিন মন্দ তিনি মাস যেবে সাই॥ ১৯১১
দুই দণ্ড পৰ মাত্ৰ আছয় পাইবাক।
শঙ্কৰে বোলন্ত আজি ৰয়ো যাত্ৰীজাক॥
বাধা শুনি ৰহিলা সমস্তে যাত্ৰীগণ।
শঙ্কৰে সহিতে কেহো নুভুঞ্জিলা অন্ন॥ ১৯১২
প্ৰথমতে গঙ্গা দেখি কেহো নুভুঞ্জিলা।
নিৰাহৰে যাত্ৰীসব শৰণ কৰিলা॥
মধ্যৰাত্ৰি কন্দলীয়ে দেখিলা সোপন।
কাচি পাৰি আসিলেক কন্যা নৱজন॥ ১৯১৩
সবাৰো আগত যিটো কন্যাজনী আছে।
ৰত্ন অলঙ্কাৰে তান শৰীৰ একাশে॥
শিখত সিন্দুৰ পাৱে ৰত্নৰ নুপূৰ।
দেৱাঙ্গ বসন গাৱে একাশে প্ৰচুৰ॥১৯১৪
অসংখ্য সুন্দৰীগণে আৱৰিয়া আছে।
মহেন্দ্ৰ কন্দলী গুৰু দেখিলন্ত পাচে॥
সুবৰ্ণৰ মালা গাথি আছে হাতে ধৰি।
দিলা মাথে শঙ্কৰৰ নমস্কাৰ কৰি॥১৯১৫
তবু দাসী কিঙ্কৰী জানা নাৰায়ণ।
পৱিত্ৰ কৰিবে মোক আইলা এহি থান॥