পৃষ্ঠা:গুৰুচৰিত.djvu/৩৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬৩
তৃতীয় খণ্ড

ৰজতৰ তিনিযোৰা খাৰু দিলা দান।
বুঢ়াখায়ো দিলা সোণা তিনি তোলা মান।।
দশগোটা ধেনু দিলা দোলা একখান।
দুইশত ৰজত উছৰ্গি দিলা দান ।।১৬৭৫
আৰো পাঞ্চগোটা দাসী হৰিখায়ো দিলা।
নৰসেৰ তাম যোৰা আগতে জোগাইলা।।
কাস লোটা বেলা বাতি আনিয়া দিলন্ত।
একগোটা হয় কতোক্ষণে আনিলন্ত ।।১৬৭৬
সমস্তে উছৰ্গি দিলা শঙ্কৰৰ হাত।
কৰিয়া জোগাৰ দূৰ্ব্বা দিলা আনি মাথে।।
চতুৰ্ভূজে বেৰি কৰ্ণপুৰে অনুষ্ঠান।
ৰামৰামে কৰে হোম যত পাৰে মানে ।।১৬৭৮
আৰো পাঞ্চজন বিপ্ৰে মন্ত্ৰ উচ্চাৰয়।
ষাঠিজনী কন্যা বেঢ়ি জোকাৰ পাৰয়।।
বায়নে বাৱে খোল নটুৱা নাচয়।
সিসৰ শব্দক ধ্বনি স্বৰ্গক লঙ্ঘয়।। ১৬৭৯
এবিমতে হোম যেবে তৈত ভৈল সাজ।
শঙ্কৰক দিলা দান ৰজতৰ গাজ।।
লগ্নগাঠি বান্ধি পাচে বুঢ়ী ঘৰে নিল।
বনগঞা দেখে দাদা গৃহক আসিল।।১৬৮০
নমস্কাৰ কৰিলন্ত চৰণত পৰি।
বাহিৰক লাগিয়া শঙ্কৰ গৈলা লৰি।।