পৃষ্ঠা:গুৰুচৰিত.djvu/৩২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৯
তৃতীয় খণ্ড

শঙ্কৰে বোলন্ত দূৰহ্ন্তে দেখায়োক।
কিছো কাৰ্য্যে ৰাণ্ডগোট লাগি আছে মোক॥
তৈতে চৰে বুলি হাত বুলি দেখাইলন্ত।
আথবেথ কৰি সিটো দূৰক পলায় ॥১৪১২
মহা বেগে শঙ্কৰে যাণ্ডক খেদি যাই।
ভূৰে চৰে যাণ্ড তাক দৰশন পাই।
কম্বলীধৰাৰ হাতে জাপিগোট দিল।
ভুনিআগ তুলি মেঢ়াই কটিত বান্ধিল ॥১৪১৩
কমলীধৰাক বোলে তই নডৰাবি।
বোলো নিষ্ট কৰি মোৰ পাচত থাকিবি।
কোণাকোণ শুনি যাণ্ড মুণ্ড তুলি চাইল।
আসন্ত শঙ্কৰ তাঙ্ক দৰশন পাইল॥ ১৪১৪
কামোৰেক ঘাস লৈয়া শঙ্কৰক চাই।
মাটি আজুৰিয়া বৰ বেগে খেদি যাই॥
হুঙ্কৰণি শুনিয়া গৰ্ভত লাগে ত্ৰাস॥
থুথুৰি ৰসাই পৃথিবীক কৰে নাশ ॥১৪১৫
ঘনে ঘনে যাণ্ডে পুত্ৰ পুৰীষ এৰয়।
কমলীধৰাৰ দেখি আতি মহাভয়।
চৰণ প্ৰহাৰে ভুমি কম্পাৱন্তে যাই।
কালবৰ্ণ পৰ্ব্বত যেহেন আসে ধাই॥১৪১৬
শৃঙ্গ আগে পৰি মাগি হোৱয় দোহাৰ।
শঙ্কৰক লাগি খেদি গৈলা দূৰাচায় ॥