এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮০
গুৰু-চৰিত
শংকৰে আপুনি ধৰি দিলা মুণ্ডভৰি
ৰামৰাম আদি শিশু যত ৷। ১২৮৪
পুনৰপি মাতি কয় শুনা তুমি সৰ্ব্বজয়
চাৰি খানি বৈঠা লৈয়া যাই।
হৈব লৌহিত্যৰ পাৰ কৈলো কথা সাৰে সাৰ
তেবে আজি আসিবো দুনাই।
শুনা তুমি ৰাম ৰাম বসি আছা কিবা কাম
ভৈলা আসি পঞ্চ ঘটি বেলি।
আসা গৈয়া কৰো স্নান উঠা ঝান্তে এতিক্ষণ
কৌতুকে কৰিবো জলকেলি॥১২৮৫
এহি বুলি সবে গৈল তীৰত প্ৰবেশ ভৈল
পাইলা ৰঙ্গে হান্দিয়াৰ ঘাট।
নমাইলেক দুই নৌকা কৰি সবে উকামুকা
দুই নাৱ বজ্ৰসম ডাঠ।৷
উঠিলেক এক লাঞ্জি গাৱে গাৱে বৈঠা সাজি
পাৰ ভৈলা ডোঞাৰ চৰাই।
উঠিলা শঙ্কৰ বাম ধৰি হাত ৰামৰাম
লৌহিত্যৰ কোল পাইলা যাই।৷১২৮৬
বসিলন্ত বালি জুৰি অৱৰিয়া দশ কুৰি
শঙ্কৰদেৱক মধ্য কৰি।
গহীন গম্ভীৰ জল দেখি আতি সুনিৰ্ম্ম
নাহি নদী তাৰ সমৰলি।৷