পৃষ্ঠা:গুৰুচৰিত.djvu/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭২
গুৰু-চৰিত

মহাৰঙ্গে আনন্দে কৰন্ত বসি কেলি।
কতো দিনা তিনি পৰ ভাটি দেই বেলি॥
হাত তালি বায় নাচি বাই ডেৱে ডেৱে।
কতোজনে চাপৰি নাচয় তাৰ চেয়ে॥ ১২৪৩
হেন লীলা দেখিয়া শঙ্কৰে চাহি আছে।
ৰামৰাম বালকক বুলিলন্ত পাছে॥
বাম হাতখানি তুমি মোৰ আগকৰা।
ছাপৰ মাৰিয়া যাওঁ খেদি মোক ধৰা॥ ১২৪৪
হেন লীলা কৰা প্ৰভু অজ্ঞানৰ ভাৱে।
নুচুবি বুলিয়া হাক দেন্ত বুঢ়ীমাৱে॥
বাঢ় বংশৰ লীলা আবে এহিমানে থওঁ।
আন এক লীলা কৰা প্ৰপঞ্চিয়া কওঁ॥ ১২৪৫
আছিলন্ত পূৰ্ব্বে ৰাজা নামে মৃগবলি।
যজ্ঞস্থলি পাতি দান দিবে গৈলা চলি॥
এক ব্ৰাহ্মণক আগে কৈলা গৰু দান।
দান লৈয়া ঘৰে গৈলা বিপ্ৰতো প্ৰধান॥১২৪৬
পালটিয়া সেহি গৰু আসিলা দুনাই।
ৰাজাৰ জাকত পুনু থাকিল সোমাই॥
গোৱালে ৰাজাক নিয়া দিলা সেহি ধেনু।
নজানিয়া তাক ৰাজা দান কৈলা পুনু॥১২৪৭
প্ৰতি প্ৰতি বিপ্ৰে তাক বিচাৰিবে যাই।
দুয়ো দ্বিজে বাটত ভৈলেক এক ঠাই॥