'তাহাৰ কাৰণ কহো শুনিয়ো পূৰ্ব্বৰ ।
সত্ৰাজিত নাম তাৰ খণ্ডৰ কৃষ্ণৰ ॥ ১২২৬
নজানিয়া মাধৱক দিলেক কলঙ্ক ।
গৰ্ব্বমদে অন্ধ হুয়া সত্ৰাজিত ৰঙ্ক ॥
সুখ শান্তি নাহি নিদ্ৰা নাসে অসন্তোষে ।
কন্যা নিয়া কৃষ্ণক দিলন্ত সেহি দোষে ॥ ১২২৭
হেন জানি সত্যভামা বোলে তুতি বাণী ।
মোৰ পিতৃ তোমাক নিন্দিলে চক্ৰপাণি ॥
কৰিয়োক গতি তুমি আৰ আবে স্বামী ।
চৰণত ধৰিয়া মিনতি কৰো আমি ॥ ১২২৮
হেন শুনি কৃষ্ণ তাঙ্ক উত্তৰ দিলন্ত ।
বোল বিদ্যাধৰ ৰূপে থাকিবি স্বৰ্গত ॥
বৰদোৱা থানে যাইবো ঘৰে কুসুমৰ ।
মোৰ নাম তৈতে তেবে হৈবেক শঙ্কৰ ॥ ১২২৯
ইয়ো সৰ্পৰূপে পুনু তহিতে জন্মিব ।
শঙ্কৰে মাৰিয়া তাক মোক্ষ পদ দিব ॥
কৃষ্ণৰ বচনে আসি ভৈল আত নাগ ।
পাইলে আবে গতি সত্ৰাজিত মহাভাগ ॥ ১২৩০
সৰ্পগোট পৰি আছে সাত খণ্ড হুই ।
মনত গুণয় লোকে নাক কাণ দুই ॥
হেন কথা ঘুষি সবে গৈলা ঘৰাঘৰি ।
থাকিলা শঙ্কৰদেৱ তৈতে লীলা কৰি ॥ ১২৩১
পৃষ্ঠা:গুৰুচৰিত.djvu/২৮৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৯