সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৬
গুৰু-চৰিত

লোহিত্যৰ তীৰে সবে দলদোপ কৰে।
আলিপুখুৰীয়ো তল যাই লোকভৰে॥
ঘৰে বাজে লোকসবে ভৈল একাকাৰ।
সভা দেখি ভৈলা লোক নিৰন্তৰ॥ ৮৯০
তাল কৰতাল ধৰি কতো গীত গাৱে।
গন্ধৰ্ব্বে কৰয় নৃত্য যেন নানাভাৱে॥
পাট পাটাম্বৰ পিন্ধি কতো কতো কাচি।
আনন্দ কৰিয়া কতো ফুৰে নাচি নাচি॥ ৮৯১
ঠেলা মাৰি কেহো কাকো পেহ্লাৱে হেস্পচি।
কেহো কাৰো উপৰত পৰে পাঁচ গুচি॥
ভাৰত পুৰাণ কাব্যকোষ দ্বিজে পঢ়ে।
ঠায়ে ঠায়ে দেৱীক যন্ত্ৰণা কৰি বৰে॥ ৮৯২
সাতে পাঞ্চে বেঢ়ি কতো বজাৱে চাপৰি।
নাচে হাসে কতো কতো আউৰে আউৰে বেঢ়ি॥
ঢোল কৰতাল বায়া কতো কৰে খেৰি।
বহুতৰ লোকে চাৱে তাকে বেঢ়ি বেঢ়ি॥ ৮৯৩
অনেক বালকে তাত ফুৰয় উমলি।
বস্ত্ৰ কাঢ়ি ধোপ সাজি কতো মাৰে দলি॥
এহিমতে বেঢ়িয়া কৰয় লোকে ৰোল।
কাৰো কেৱে থিতাতে নুশুনি মাত বোল॥ ৮৯৪
লৌহিত্যৰ তীৰগোট ভৈল তোল পাৰ।
বহুতৰ সৈন্য লেখা পাইবে কোনে তাৰ॥