পৃষ্ঠা:গুৰুচৰিত.djvu/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৪
গুৰু-চৰিত

দধি দুগ্ধ ঘৃত মধু দিলা গাৱে গাৱে।
ভুঞ্জিবে ধৰিলা বিপ্ৰগণে নানা ভাবে॥
খাইলা ষড়ৰস বস্তু কৰি গণ্ডগোল।
মাতিবে নপাৰে পেট যেন ভৈল ঢোল॥ ৮৭৯
জান্তি জান্তি ভুঞ্জয় খকুৱা দ্বিজগণে॥
পেট ভৰিলিয়ো তভো নেৰয় ভোজনে॥
খাৱন্তে খাৱন্তে কতো পাইলা টেটুমান।
নুঠয় পাতৰ পৰা নেদে সমিধান॥ ৮৮০
গড় গড় কৰি কতো উগাৰ তোলয়।
ভোজন কৰিয়া বসি কতো কথা কয়॥
কটিৰ ভুনিক তুলি নিপিন্ধয় আটি।
ঠিস ঠিস কৰে যেন পেট যায় ফাটি॥॥৮৮১
নপাৱয় উশাস মুখত নাসে মাত।
কতো কতো উঠয় মাটিত দিয়া হাত॥
লৌহিত্যতো লাগে ব্ৰক্ষ্ম-ভোজন হিন্দোল।
কাৰো মাত নুশুনি কৰয় উৰ্ম্মি ৰোল॥ ৮৮২
এহিমতে ভোজন কৰয় বিপ্ৰবৰ্গ।
ব্ৰাক্ষ্মণৰ ৰোলে যেন পুৰিলেক স্বৰ্গ॥
দধি দুগ্ধ ঘৃত মধু ভূঞ্জি পঞ্চামৃত।
হৃষ্ট পুষ্ট ভোজনে ভৈলেক কৃত্তকৃত্য॥৮৮৩
বিপ্ৰগণে বোলে ভূঞা কিনো বৰ দানী।
দানক আচোক দেখা ভোজনতে জানি॥