পৃষ্ঠা:গুৰুচৰিত.djvu/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯২
গুৰু-চৰিত

নৰোত্তম কৰ্ণপূৰ চতুৰ্ভুজক মাতি।
অনিলন্ত মাতি আৰো যত বন্ধু জ্ঞাতি॥
লৌহিত্যৰ তীৰক সবেও গৈল লৰি।
পাইলা যজ্ঞভূমি সবে দলদপ কৰি॥৮৬৮
বসিলা আসনে নৰোত্তম বিপ্ৰবৰে।
কুসুমে কৰিলা স্নান তাত অনন্তৰে॥
বিপ্ৰ ভূঞা বন্ধু-জ্ঞাতি বসিলা আৱৰি।
কুসুমে আছন্ত বসি কুশাঙ্গুষ্ঠি ধৰি॥৮৬৯
নৰোত্তম গুৰু দেৱী পূজা কৰিলন্ত।
অসংখ্যাত লোক তথা বেঢ়িয়া আছন্ত॥
তাত পাচে শ্ৰাদ্ধ গুৰু কৰাইবাক লৈলা।
কুসুমেও কাৰ্য্যত সমুখ আসি ভৈলা॥৮৭০
হেন দেখি নৰোত্তম মন্ত্ৰক পঢ়িলা।
কুসুমেও পিণ্ডগোট জলত লগাইল॥
বিধি ব্যৱহাৰে পিণ্ড জলে এৰিলন্ত।
ভৈল কৃতকৃত্য পাচে কুসুম মহন্ত॥৮৭১
বিধিৱতে তিলোদকে কৰি জলাঞ্জলি।
ভৈল আনন্দিত প্ৰেতকৰ্ম্মক সঙ্কলি॥
তিনিও গুৰুক পাচে কৰি সতকাৰ।
চৰণত ধৰি ভূঞা কৰি নমস্কাৰ॥৮৭২
তিনি খান কাহি আৰো তিনিগোটা ঝাৰি।
দিলা তিনি হালি গৰু পালৰ বিচাৰি॥