সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
দ্বিতীয় খণ্ড

মহা ৰম্য কৰি কুসুমেয়ো থান
থৈয়া আছে যত্ন কৰি।
যতেক ব্ৰাহ্মণ বসিল আগত
হুয়া সবে শাৰী শাৰী॥৪৫৪
এক লাঞ্জি কৰি ভূঞাসবে তৈতে
বসিলন্ত ঠাৱে ঠাৱে।
আনো লোক যত বসিল সমস্ত
হেঁচা-হেচি কৰি সৱে॥
পঞ্চ খানি ধনু সাজিল প্ৰথমে
জোৰ গাচি দিলা মাজি।
কাণ্ড পাঞ্চ গুটি দিলা তাৰ মাজে
মহাৰম্য কৰি সাজি॥ ৪৫৫
কলসে কলসে তৈল হৰিদ্ৰাক
পানী সঙ্গে মিসলাই।
থৈলা আগে ভৰি মহা যত্ন কৰি
তাৰ লেখা-জোখা নাই॥
নোৱাইবাৰ ঠাইত ৰুইলা কলপুলি
পৰম বিচিত্ৰ কৰি।
চৌৰা গৃহে পশি সণ্ঢৰায়ে হাসি
বোলন্ত কুসুমগিৰি॥৪৫৬
বাহিৰক লাগি আনা পুত্ৰ খানি
দেখোক সকলে ৰাইজে।