পৃষ্ঠা:গুৰুচৰিত.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
গুৰু–চৰিত

মাধৱী চান্দৰী দুয়ো বল দিয়া টানে।
জগতৰ গুৰুৰ প্ৰভাৱ জানে কোনে॥
এৰিলেক দুয়ো পাচে হুয়া অতি ত্ৰাস।
ত্ৰিজগত পতি কুসুমৰ ঘৰে বাস॥৪৩০
পুনৰ্ব্বাৰ মাধৱী ধৰি্লা লাম্ফ দিয়া।
আসিলেক তাইৰ কোলে স্তনক এৰিয়া॥
তৃতীয় দিনত থৈলা শষ্যাত শুৱাই।।
চাহি আছা ৰঙ্গে সতী গাৱক জুৰাই॥৪৩১
কতোবেলি দেখে শিশু নাহিকে শয্যাত।
আগ পাচ চাহি সতী ফুৰাৱয় হাত॥
মহাত্ৰাস হুয়া সতী বিচাৰে তথাত।
অনন্তৰে আছে শুতি দেখয় শয্যাত॥ ৪৩২
হেন বিপৰীত কৰ্ম্ম দেখি মনে ডৰি।
শুনে মানে সবেয়ো সুমৰে হৰি হৰি॥
চতুৰ্থৰ দিনা আৰো কৰিলন্ত মায়া।
গুৰুক হৃদয়ে ধৰি শুনা মন দিয়া॥৪৩৩
খাটৰ দুইপাশে লগাই আছে দুই বাতি।
তাকো নিবাৰিয়া কান্তি জলে তক তকি॥
কতো বেলি অনন্তৰে নিমাইল দুয়ো বাতি।
চাহি আছা সতী কিবা দিন কিবা ৰাতি॥ ৪৩৪
সূৰ্য্যৰ প্ৰকাশ কিবা চন্দ্ৰৰ প্ৰকাশ।
চতুৰ্দ্দিকে চান্ত সতী হুয়া মহাত্ৰাস॥