সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
গুৰু–চৰিত

তাসম্বাৰ পাচতে আসিলা তেৰে ধনু।
কপিলীৰ বাক্য আবে কহো শুনা পুনু॥
শঙ্কৰৰ জন্ম তৈত নুহে মানে যাৱে।
হৰক যোগাইবা দুগ্ধ শুনা মাতৃ তাৱে॥৪১৯
ইসব বচন বুলি আছয় কপিলে।
তাতেসে কহিলো ইটো কথাক সকলে॥
কপিলীৰ কথা আবে এহিমানে থওঁ।
ৰামখাঁৰ যেন কথা শুনা তাক কওঁ॥৪২০
যেতিক্ষণে তহিতে শঙ্কৰ জন্মিলন্ত।
ভাৰ্য্যা স্বামী ৰামখাঁয়ে শৰণ লৈলন্ত॥
যুগ ষাঠি হাজাৰ উপৰে তেন্তে দুয়ো।
বাঞ্জাবাঞ্জী আছিলন্ত তাহাক শুনিয়ো ৪২১
নাৰায়ণ ঈশ্বৰে বুলিলা দুইকো দেখি।
ব্ৰহ্মাডিম্ব গুটিক থাকিয়ো ঐত ৰাখি॥
যি বেলাত বামনে কটাহ ফুটাৱন্ত।
মহা বৰ প্ৰসাদক তেহেন্তে দিবন্ত॥৪২২
হেন শুনি দুয়ো পৰি প্ৰনাম কৰিলা।
সৰ্ব্ব অৱতাৰৰ কাৰণ চলি গৈলা॥
নাৰায়ণ বাক্য বেবে যুগ সীমা ভৈল।
বামনেয়ো সেহিবেলা কটাই ফুটাইল॥৪২৩
পৰম বিচিত্ৰ জল বহিবাক লৈল।
বামনক দেখি দুয়ো মহা ৰঙ্গ ভৈল॥