পৃষ্ঠা:গুৰুচৰিত.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
গুৰু–চৰিত

সেহি কাৰ্য্যে আসি দেৱহুতি ছদ্ম কৰি।
কুসুমৰ ঘৰে আসা ধেনুৰূপ ধৰি॥
যত যত আছে গৰু ঘৰে কুসুমৰ
সবাতো অধিক তেন্তে মহা শ্ৰেষ্ঠতৰ॥৪০৮
পাঞ্চ বৎসৰেসে তান এক বৎস পাই।
ঘটশ্ৰৱা ধেনু আন তাঙ্ক সম নাই॥
গোহালিত বান্ধে তাঙ্ক মহা যত্ন কৰি।
মুণ্ড সোলোকাৱে পাঘা থাকে তাতে পৰি॥৪০৯
হাম্ফলা দুইতে লোহিতৰু হোৱে পাৰ।
যিবা কাৰ্য্যে যাই শুনা বৃত্তান্ত তাহাৰ॥
মহাদেৱ লিঙ্গ আছে শিঙ্গৰীৰ থান।।
এক ঘট দুগ্ধ নিতে কৰে গৈয়া দান॥৪১০
কপিলীৰ গাই সিটো কুসুমৰ ধেনু।
লোহিতক পাৰ হুয়া আসে পুনু পুনু॥
জৰী গাছি আসি পুনু লোৱয় গলত।
নজানয় কেহো শুতি থাকে গোশালত॥৪১১
একো একো ঘট দুগ্ধ দৈন্ত কুসুমক।
প্ৰপঞ্চিয়া কহো আবে শুনা সবে তাক॥
ঐটো এক ঘট পান্ত তৈতো এক ঘট।
পূ্ৰ্ব্বৰ প্ৰাচীন কথা আছে ফট ফট॥৪১২
একদিন কুসুমে প্ৰভাতে দেখিলন্ত।
তিতা গাৱে ধেনু গোট বান্ধতে আছন্ত॥