পৃষ্ঠা:গুলেনাৰ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ। অমৰ। —তুমি নোৱাৰিলে, দাদা, বুজিম——এই বিশাল বিশ্বত এই ৰত্নটিৰ মৰ্য্যাদ৷ ৰক্ষ| কৰিব পৰ৷ এজন আজি পৰ্য্যন্ত জন্মাই নাই। ( লক্ষ্মীদাসৰ প্ৰৱেশ ) লক্ষ্মী। — সঁচা, সঁচ৷ কৈছে, কুমাৰ বাহাদুৰ! এই কুহুম পাহিৰ গৌৰৱ মহিম৷ বুজিবৰ ক্ষমতা গোটেই হিন্দুস্থানত চাহজাদাবেই মাথোঁ আছে। অমৰ।—কোন? - লক্ষ্মীদাস! তুমি কৰ পৰ৷ ওলালাহি? লক্ষ্মী।——মইও আপোন৷ লোকৰ দৰে অকল দৰিয়৷ হৈ পৰিলোঁ, বাট বিচাৰি আহি এই থিনি পালোহি। -তুমিও পালাহি, ভাল হল। আনাৰৰ কাৰণে আৰু একে৷ চিন্ত৷ নাই; তেওঁক চাহজাদাৰ হাতত সঁপি দিছে৷ লক্ষ্মী।—মোৰে৷ সেই ইচ্ছ৷ আছিল; অকল মোৰেই নহয়, মৃত্যুকালত আনাৰৰ মাকেও এই কথাকে কৈ গৈছে। (আনাৰৰ মুৰত হাত বুলাই ) না! এতেদিনে মাৰাৰ অন্তিম কামনা পূৰ্ণ হল, যোৱী বাছা। ( মানসিংহ আৰু চাৰিটা সৈন্যৰ প্ৰৱেশ ) মানসিংহ।—বন্দী কৰ—বাধা দিলে তাৰ চলাবি। ( অমৰক ধৰিবলৈ সৈনিকহঁত আগ বাঢ়ে )। চেলিম। – খবৰদাৰ, ভাগে৷, (সৈনিকহঁত পাচ হোহঁকে) এওঁলোকক এই দৰে বন্দী কৰাৰ কাৰণ জানিব পাৰোনে, মহাৰাজ? মান। ইহঁত শত্ৰু, শত্ৰুক বন্দী কৰাই ৰাজধৰ্ম্ম। ঢেলিম।—সেয়ে বুলি, নিৰস্ত্ৰ অসহায় শত্ৰুক বন্দী কৰিব? মান।—চাইহ্লাদ। হলেও আজি আপুনি মোৰ অধীন, আপোনাক কৈফিয়ৎ দিবলৈ বাধ্য নহওঁ। সৈন্যগণ, বন্দী কৰ, দিল্লীশ্বৰ