সমললৈ যাওক

পৃষ্ঠা:গুলেনাৰ.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৬ গুলেনাৰ। দ্বেষ, পাপ, কপট, গৰ্ব্ব, দম্ভ, চিৰকাললৈ বিলোপিত হোক ভাৰতৰ দুই সুপ্ৰধান জাতি, হিন্দু-মোশ্লেম প্ৰাণৰ ঐক্যতানৰ চিৰ কল্যাণময় মোহন-মধুৰ-মন্দ্ৰ ঝঙ্কাৰত ভুবন, পৱন, বিমান পূৰ্ণ হোক! মহা মিলনৰ এই পুত সিন্ধু নীৰত স্নাত হৈ সুদীৰ্ঘ শতাব্দীৰ পাচত ভাৰতে আজি পুনৰ মুকলি মনেৰে নিশ্বাস লওক; নৱ প্ৰাণে, নবীন জীৱনে উৎসাহিত উজ্জীবিত হোক। চেলিম—আমিন, আমিন, আমিন। ( সখীহঁতৰ প্ৰবেশ ) গীত। মিলগয়ী মিলগয়ী মিলগয়ীৰে দুনোজন হিন্দু মুছলমান। একহি তানসে একহি গান, গাৱে হিন্দু মুছলমান, একহি সুৰসে ছাগয়ীৰে সাৰ৷ জঁমি আসমান, পাপ কপট হিংসা দ্বেষ, হোগয়ী সবকা একদম শেষ- ছাতিসে ছাতি মিলাৱে দোনো প্ৰেম পীৰিতসে ভৰগয়ী জান। যবনিকা পতন।