পাঞ্চন তাঙ্ক। ১১১ পিয়াৰা—এজনী অৱল৷ ভিকতাৰ যথাসৰ্ব্বস্ব অপহৰণ কৰি শেষত তাইক এই দৰে খেদাইছ? হেদায়ং—অপহৰণ! সাৱধানে কথা কোৱা, পিয়াৰা? হেদায়ত আলীয়ে অপহৰণ কাক কয় কেতিয়াও নাজানে? পিয়াৰ৷—অপহৰণ নহয়? ছলে, বলে, কৌশলে মোৰ সৰ্ব্বস্ব কাঢ়ি লৈ এতিয়া কৈছ| অপহৰণ নহয়, নিষ্ঠুৰ! (কান্দে )। হেদায়ং—ইয়াত আৰু মায়া কান্দোনৰ ফল নাই, আন এনে কোনো নিৰ্ব্বোধ কামুকৰ অনুসন্ধান কৰাগৈ নাৰী, তোমাৰ চকুলো দেখি যাৰ হিয়া কোমলে। পিয়াৰা—এতেদিন ঔৰতৰ খেদমত কৰি এতিয়৷ সাধু হৈছ৷ আলী চাহেব? হেদায়ৎ—সেই কৈফিয়ৎ, ওমৰাহজাদা আলী চাহেবে এজনী বেশ্যা বান্দীক নিদিয়ে? পিয়াৰ৷—খবৰ পাৰ, হেদায়ত আলী! বিষধৱীৰ নেজত হাত নিদিৱী। হেদায়ং—সেইবোৰ আৰু ইয়াত নাখাটে নাৰী! বেশ্যাৰ ৰঙ্গ। চকুয়ে তাইৰ সেৱকক আতঙ্কিত কৰিব পাৰে, ভ্ৰূকুটি তাৰ কাৰণে, মোৰ কাৰণে নহয় 1. পিয়াৰা-—এই বেশ্যাৰ সেৱক তুমিও এদিন নাছিলানে নিলাজ? হেদায়—সেই মোহ আৰু কটা গল। ইমান দিন বাহা সৌন্দৰ্য মায়াত মুগ্ধ আছিলে। হয়, নুবুজিছিলো যে তাৰ আঁৰত হলাহলনয় কাল সাপৰ হিয়৷ লুকাই আছে, নেই ভুল মোৰ ভাগিল এতিয়া৷, তই মোৰ মানত এতিয়া কাল সাপ, বা, যা, বাহিৰ হ—নহলে অপমানিতা হবি। পিয়াবা অপমানিতা হম? বেচ! যাও তেনে, কিন্তু, ঠিক জানিবি
পৃষ্ঠা:গুলেনাৰ.pdf/১১২
অৱয়ব