ইতো কৰ কন্ধক নুবুজা আত্ম তত্ত্ব।
সমস্ত বিচাৰ কথা আছে আপোনাত॥৪৫২
শৰীৰতে বিচাৰিলে বিচাৰিবে নাই।
আপনাক জানিলে কেবল ভক্তি পাই॥
ভাগ ভাগ কৰি তত্ত্ব যিটো জনে লৱে।
কেবল ভকত জানা সি জনেসে হৱে॥৪৫৩
আৰ যেন মতে জানা দেহা শুদ্ধ হয়।
দেহা শুদ্ধ ভৈলেহে অল্পতে গতি পায়॥
জল মাটি লই বাহিৰক শুদ্ধ কৰে।
ৰাগ নাথাকিলে শুদ্ধ হয় অভ্যন্তৰে॥ ৪৫৪
দণ্ডবতে জানিবাহা দেহাৰ শৰণ।
ইন্দ্ৰিয়ৰ শৰণ জানা শ্ৰবন কীৰ্ত্তন॥
নিয়ম সংযম জানা নামৰ শৰণ।
ভক্তৰ জানিলে তত্ত্ব জীৱৰ শৰণ ৪৫৫
জীৱৰ শৰণ ভৈলা দেহাৰ ভজন।
শৰণ ভজন কথা মহা গুহ্য গুণ
ইমত প্ৰকাৰে যাৰ মৰণ ঘটয়।
তাৰ দেহা শুদ্ধ অতি দৃঢ় ভক্তি পায়॥৪৫৬
যেন যেন তত্ব ছয় আছে শৰীৰত।
অবশেষ কৰি কোনে পাৱে তাৰ অন্ত॥
যাৰ যেন ৰূপ গুণ আছে স্থানে স্থানে।
ইয়াৰেসে তত্ব অতি শন্ত সবে জানে॥৪৫৭
কহিলো দেহাৰ কথা পৰম বিচাৰ।
জ্ঞান ভক্তি বিনে কেহ নতৰে সংসাৰ॥
ভকতিসে কৰে আনি ঈশ্বৰক বশ্য।
কহিলো দেহাৰ তত্ব শাস্ত্ৰৰ ৰহস্য॥ ৪৫৮
পৃষ্ঠা:গুপ্তমণি.djvu/৫৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৫)