অম্বৰিস বৈকুণ্ঠতে কেৱল আছন্ত।
জানিবা তাহাক বোলে নিত্যানন্দ সন্ত॥৪৩৯
অম্বৰু বৈকুণ্ঠে আছে আপনি ঈশ্বৰ৷
তাহান যে নাম জানা বোলে সন্তেশ্বৰ॥
অচিন্ত মহিম হৰি দেব নাৰায়ণ।
কোন থানে বুজা তাক কেমন লক্ষণ॥ ৪৪০
প্ৰথম পুষ্পৰ নাম হংস নিবাৰণ।
দ্বিতীয় পুষ্পৰ মাম ইন্দ্ৰ উদ্যমন॥
তৃতীয় পুষ্পৰ নাম প্ৰণালি দয়াময়।
ক্ষমা নামে চাৰি পুষ্প জানিবা নিশ্চয়॥৪৪১
জ্ঞান যে পঞ্চম পুষ্প মহা তপ চয়।
ধ্যান সপ্ত পুষ্প হয় জানিবা নিশ্চয়॥
মহা সত্য অষ্ট পুষ্প কৰন্ত তৃপিতি।
আন এক পুষ্প নাই কৰা তানে প্ৰীতি॥৪৪২
সত্যযুগে হৰিক জানিবা শুক্ল বৰ্ণ।
ত্ৰেতাযুগে ৰক্তবৰ্ণ জানা নাৰায়ণ॥
দ্বাপৰত পীত বৰ্ণ হৰিদ্ৰা আশ্ৰয়।
কলিযুগে কৃষ্ণ বৰ্ণ জানিবা নিশ্চয়॥ ৪৪৩
ধনু অশ্ব ঋগে ভৈলা বিৰ্য্যতে ভকতি।
ভৈলা শুক নাৰদৰ কৃষ্ণত ভকতি॥
ভদ্ৰা চন্দ্ৰা গোপী ভৈলা ভকত পুনৰ।
ৰাধ যে অঙ্গিৰা ভক্ত দুই কেশবৰ॥৪৪৪
এহি পঞ্চ থানে আছে পঞ্চ জন হৰি।
সবে শৰীৰতে আছ লয়োক বিচাৰি॥
হৃদয়ত আছন্ত বৈকুণ্ঠ সাত খান।
শান্তনু ৱৈকুণ্ঠ নামে আছে মহাস্থা ন॥ ৪৪৫
পৃষ্ঠা:গুপ্তমণি.djvu/৫৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫৩ )