যতেক ইন্দ্ৰিয় গণ মনৰ অধিন।
মন বেগে আজ্ঞা পালি ফুৰে ৰাত্ৰি দিন॥ ৩৬২
এক মন পঞ্চম ইন্দ্ৰিয় লয় সঙ্গ।
যেন নাতিনীৰ বিয়া কৰি সবে ৰঙ্গ॥
মনে পাপ পুণ্য স্বৰ্গ মনেসে নৰক।
মনেসে কৰিছে ভেদ আপন পৰক॥ ৩৬৩
হৃদয়ত থাকি কৰে ভাল মন্দ কাম।
মন বুদ্ধি অহঙ্কাৰ চিন্তা তাৰ নাম॥
সবাতে অধিক ভৈলা এহি চাৰি জন।
শুনিয়োক যেন মত কহিয়ো বচন॥ ৩৬৪
সংকল বিকল্প কথা কৰে আলোচন।
বুদ্ধি নাম তাক বোলে জানিবা লক্ষণ॥
নানা সদ কৰ্ম্মক কৰম্ভ নিত নিত।
জানিবা সমস্ত নৰ তাৰ নাম চিত্ত॥ ৩৬৫
সমস্ত কৰ্ম্মক মই কৰো হেন মানে।
অহঙ্কাৰ বোলে তাক জান সৰ্ব্বজনে॥
নানা কৰ্ম্ম কৰিবাক কৰে আলোচন।
এক কৰ্ম্ম-স্থিৰ নোহে তাক বোলে মন॥ ৩৬৬
নানা বেদ ধৰ্ম্ম সবে বেদৰ প্ৰবন্ধ।
তাতে বন্দী হই জীৱ এড়াই কৰ্ম্ম বন্ধ॥
মনে যৈকে যাই জীৱ বোলে ময়ো যাও।
মনে দুখ পাইলে জীৱ বোলে মই পাওঁ॥ ৩৬৭
মনে যিবা কৰে জীৱ বোলে মই কৰো।
মনৰ মৰণে জীৱে বোলে মই মৰো॥
যেন সূৰ্য্য বিম্ব লয় জলৰ লগত।
জল স্থিৰ ভৈলে বিম্ব থাকে পূৰ্ব্বৱত॥ ৩৬৮