পৃষ্ঠা:গুপ্তমণি.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৭ )

লক্ষ্মী কৰে বাটি তাৰ গতি উৰ্দ্ধ দেশে।
সূক্ষ্ম দুই পক্ষি বসি আছে দুই পাশে ॥৩৩৬
উৰি যায় হংস পখি তেজি নেযাই স্বৰ।
ফুৰি ফুৰি আসে দুই আখিৰ সঞ্চাৰ॥
নিৰঞ্জন পুৰে ব্ৰহ্ম কুণ্ড সৰোবৰে।
দুই গুটি হংস পখি তাতে পৰি চৰে॥ ৩৩৭
ধাত্ৰিনী আছয় তাতে তাহাক ঢাকিয়া।
ৰক্ত বৰ্ণ পখি আছে ওপৰে পৰিয়া ॥
সি পখিত বসি দুই গুণে প্ৰকাশন্ত।
মহা প্ৰেমে দুহান্তৰ কৌতুক বহন্ত ॥ ৩৩৮
এক ঘাম ভৈলে যেন দুই গুটি হংস।
এক থান কৰিবাৰ তাৰে নহে লক্ষ।
ওলাই চাই শাল বৃক্ষ গৈলন্ত ভাগিয়া।
আউৰ বৃক্ষ হবে তাতে পৰি উলতিয়া॥ ৩৩৯
বাওৰি হাজাৰ নাড়ী আছে চাৰি পাশে।
মহা বায়ু উপেক্ষি তাহাৰ হন্তে আসে॥
শৰীৰতে আছে জানা শয্যা সাতখান।
কোন খানে আছে তাক শুনা বিদ্যমান॥ ৩৪০
কমৰ শয্যাত কাল পুৰুষৰ থান।
কপাল শয্যাত শুক কহেন প্ৰমান॥
কমৰ শয্যাত আছে কাল যে গোসাঁই।
চক্ষুত জ্বলেক সবে জানা সমুদাই॥ ৩৪১
নাসিকাৰ শয্যাত কুমাৰ মহামতি।
কণ্ঠৰ শয্যাতে পাচে ৰৈলা সৰস্বতী॥
বদনৰ শয্যাত নাৰদ মুনিবৰ।
এহি সাত খান শয্যা শুনা সাধুনৰ॥ ৩৪২