সমললৈ যাওক

পৃষ্ঠা:গুপ্তমণি.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৯ )


আপোনাক চিনিলে চিনিবে নাহি কেৱ।
কৃষ্ণদেব পূজিলে পূজিৱে নাহি দেৱ॥ ২১৪
আপনাৰ মূৰ্ত্তি ৰূপ যি জনে জানয়।
তেহে মায়া ভক্তি জানা সিজনে পাৱয়॥ ২১৫
তেবে তাৰ লোভ মোহ মায়া দূৰ হয়।
কৃষ্ণৰ সমান সিতোজনে গতি পায়॥ ২১৬
আত পৰে তৰিবাৰ নাহিকে উপায়।
বোলা ৰাম ৰাম জন্ম হাততে হাৰায়॥ ২১৭

দুলৰি।

আত অনন্তৰে, শুনিওক নৰে,
 গোপ্যৰ পৰম গোপ্য।
যাক শুনি নৰে,  তৰয় সংসাৰ,
 খণ্ডয় বিষয় ভোগ্য॥ ২১৮
যাক বোলা গুহ্য,  মহা গুহ্য়ত্তম,
 গুহ্যতৰ মূল তত্ত্ব।
বেদ মন্ত্ৰ গণ, নিৰূপিত হয়,
 জ্ঞানত বোলে গুহ্য়ত॥ ২১৯
যাক বোলে জ্ঞান,  কহে জ্ঞান আত্মা,
 জানিবা প্ৰকৃত ঈশ্বৰ।
বিজ্ঞানক জানা,  বোলা পৰমাত্মা,
 দুয়োক বোলে গুহ্য়ত্তৰ॥ ২২০
পুণ্য ব্যতিৰেকে,  জানিবাহা তত্ত্ব,
 নিজ ভাগৱত মত।