পৃষ্ঠা:গাওঁবুঢ়া.pdf/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 গুচৰীয়া।— দেউতা, ৰাইজসকল, মই কেতিয়াও মিছা নকওঁ। তাৰে-মোৰে ভিতৰত বস্তুৰ ভাগ কেতিয়াও হোৱা নাই। সি বাৰু কীৰ্ত্তন পুথিত ধৰি শপত খাওক, মই এৰি দিম।

 পদ।— ওঁঃ, সঁচা হ'লেও মিছা হ'লেও, মই কেতিয়াও শপত নেখাওঁ। জ্বলা জুয়ে শুকানো পোৰে, কেঁচাও পোৰে।

 ৰত্ন।— বাৰু, তেন্তে সিয়ে শপত খাওক, তই ভাগ-বস্তু দিবলৈ গাত ল।

 পদ।— ভাল, দেউতা, সিয়ে শপত খাওক, লামলকটি যি এডোখৰ আছে, তাৰে ভাগ কৰিবলৈ মই মান্তি আছোঁ।

 ৰত্ন।— সি কথাই কথা নহ'ব; মোৰ গাওঁবুঢ়াহঁত গৈ, মানুহ-দুনুহ চপাই, ভাগ কৰি দিবগৈ। বাৰু, এতিয়া শপত খুৱাবলৈ দিহা কৰা হওক! (ভিতৰলৈ চাই) হেৰ মঙলা! হেৰ, হাত-ভৰি ধুই শুচি হৈ, কীৰ্ত্তন পুথিখন লৈ আহ।

 ৩য়, মে।— এৰা, কিন্তু হাকিমৰ মুখেই কিন্তু নিষ্পত্তি।

 ১ম, মে।— অঃ, কিনোৰূপেসৈতে, নহ'ব নো কিয়? কিনোৰূপেসৈতে, হাকিম নো আকৌ, কিনোৰূপেসৈতে, বোলে কিয়?

 মঙলা।— (ভিতৰৰ পৰা হাতত লোটা এটাৰে সৈতে মূৰত কীৰ্ত্তন পুথি লৈ আহি মেলুৱৈ এজনৰ প্ৰতি) হেৰা, ঠাইখন, হেৰিয়াৰ অ, অলপ মোহাৰি দি, হেৰিয়াৰ অ, তাতে বটাটো থোৱাঁ দেও হে! (মেলুৱৈ এজনে মাটিত হাত ফুৰাই বটা পাতি দিয়ে; বটাৰ ওপৰত কীৰ্ত্তন পুথি ৰাখি মঙলাৰ প্ৰস্থান)

 ৰত্ন।— বাৰু, এতিয়া আমাৰ কচুখোৱা গাওঁবুঢ়াই তাক শপত খুউৱাচোন।

 কচু।— ভাল। (উঠি গৈ) হেৰ আহ, আঁঠু লহি।

 গুচৰীয়া।— (উঠি গৈ আঁঠু কাঢ়ি কীৰ্ত্তনত ধৰি) বোলক।

 কচু।— ক, বুলি, ককাইৰে মোৰে ভিতৰত যদি বস্তুৰ ভাগ হৈছিল, তেন্তে মোৰ দেহ-নাম ভগন হ'ব।

 গুচৰীয়া।— ভগন হ'ব।