পৃষ্ঠা:গদাধৰ.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৫
গদাধৰ।


গদা।— বাঢ়িছে উলাহ,
বাঢ়ে যেন বাৰিষাৰ বেগৱতী নই!
পৰিছে মনত আজি তাহানিৰ কথা,—
তাহানি এপক্ষে হই আখৰাস্থলত
ধেমালিতে ৰণজয় কৰা। হৃদয়ৰ
আৰু এটি গুপুত বাসনা অন্তৰত
উঠিছে উথলি,—কতকাল মনে মনে
পালিছিলোঁ আশা, ৰণত বীৰেন্দ্ৰ নাম
লভিম এদিন বুলি; শত্ৰু দলনত
বাহুবলে সাৰ্থকতা লভিবৰ গুণে,
কত ভাব পালিছিলোঁ এই হৃদয়ত,
কত ভাব উঠিছিল বিৰিঙ্গি এদিন;
তেজেৰে বোৱাই নই চকুৰ তৃপিতি
লভিম এদিন বুলি বান্ধিছিলোঁ যিবা
কঁকালত তৰোৱাল মোৰ! আজি সেই
বাসনাৰ, পূৰ্ণ দিন চাপিছে ওচৰ,
চাপিছে বাঞ্ছিত ফল সেই সাধনাৰ,
মুগ্ধকাৰী স্নিগ্ধপ্ৰভা অমিয়া সুখৰ,
বিয়াপিছে হৃদয়ত পৰাণ জুৰাই,
আগন্তুক সৰ্ব্বসিদ্ধি, বিধিৰ বিধানে,
চাপিছে ওচৰ দেখি।-অপাৰ আনন্দ
হিয়াত নধৰে মোৰ!
সৈন্যগণ।—জয় গদাপাণি জয়।
পাঃ ফুঃ।—বোলাঁ ঘুৰিবাৰ।