পৃষ্ঠা:কৃষ্ণ লীলা.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম অঙ্ক

প্ৰথম দৃশ্য

[ নন্দ, যশোদা মূৰ্চ্ছিতা, গোপিনীবিলাকে কান্দি আছে;
গোপ বালকবিলাকে কপালত হাত দি বহি আছে ]

নন্দ। গোপ গোপীজাক গোৱাচোন কৃষ্ণ নাম
 সুমধুৰ। ৰাণীৰ ভাঙ্গিব মূৰ্চ্ছা তেহে।
 পুত্ৰ প্ৰাণা সতী, পুত্ৰৰ বিৰহ দুখ
 সহিব নোৱাৰি মাটিত পৰিছে আহা,
 বতাহত বিচ্ছিন্ন বল্লৰী যেন লুটি।
 কিন্তু বৈষ্ণবী প্ৰধানা কৃষ্ণভক্তা ৰাণী,
 কাণত পৰিলে কৃষ্ণনাম প্ৰেমময়,
 পৰ্শিব প্ৰাণত গৈ, সচকিতে উঠিব
 ভকত জাগি।

(গোপ গোপীয়ে নাম গায় )

গীত

 কৃষ্ণ কৃষ্ণ নাম গোৱাঁহে গোৱাঁ সখি,
 মধুৰ কৃষ্ণ নাম গোৱাঁহে বনৰ পখী।
 কৃষ্ণ প্ৰাণ কৃষ্ণ গোৱাঁহে মলয় বাও,
 কৃষ্ণ ব্ৰজপ্ৰাণ গোৱাঁহে গোৱালী মাৱ,
 কৃষ্ণ পূৰ্ণ ব্ৰহ্ম গোৱাঁহে জীৱগণ,
 কৃষ্ণ সৰ্ব্ব ঘটে গোৱাঁহে সৰ্ব্বক্ষণ।