পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
কুৰ্ম্মাৱলী-যুদ্ধ।

শুক্লবৰ্ণ ৰথখান দেখি অদভুত।
ধনুধৰি সমৰ ভূমিত উপস্থিত॥২২৮
হেন দেখি কূৰ্ম্মৱলী হৰষিত মনে।
ভীষ্মৰ মুখক চাই বুলিলা বচনে।
তোমাৰ নৃপতি দুৰ্য্যোধন কৈক গৈলা।
ৰাজা নাই তোমাঠেৰ অথন্তৰ ভৈলা॥২২৯
নৃপতি বিনায় যুজিবাৰ কোন কাজ।
পালটিয়া যায়ো চলি আপোনাৰ ৰাজ॥
হেন শুনি গঙ্গা-সুতে দিলন্ত উত্তৰ।
মোৰ নাম ভীষ্ম জানিবাহা নৃপবৰ॥২৩০
তীৰ্থ মধ্যে সংসাৰে যাহাৰ সম নাই।
তেওঁ জন্মাইলেক মোক গঙ্গাদেৱী আই।।
বিনা যুদ্ধে মই যদি চলি যাওঁ ঘৰ।
কুখ্যাতি ৰহিবে মোৰ চন্দ্ৰ দিবাকৰ॥২৩১
আকে জানি সাৱধান হুয়ো নৃপবৰ।
তোমাৰ আমাৰ যুদ্ধ হৈব ভয়ঙ্কৰ॥
অধৰ্ম্ম এৰিয়া যুজিবাহা স্বধৰ্ম্মত।
সাক্ষী হই থাকিবা দেৱতাগণ যত॥২৩২