পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
কূৰ্ম্মৱলী-যুদ্ধ

মুখ চাই তোৰ  অনেক ভৎৰ্সিবে
 তাক স্মৰি অগ্নি জ্বলে॥ ৮২
অকাৰা তণ্ডুল  দিবে এক মুঠি
 নিদিবেক তৈল ঘিউ॥
সিটো অন্ন তই খাইবি কেন কৰি
 কিমতে ৰাখিবি জিউ॥
ক্ষুধাৰ্ত্ত ভূমিত শয়ন কৰিবি
 ন হইবেক তৃণো সৰি॥
কিমতে তাহাত নিদ্ৰা কৰিবাহা
 থাকিবিহি কেন কৰি॥৮৩
পঞ্চামৃতে নিত্য কৰস ভোজন
 পৰম সুন্দৰ ভোগ॥
দিব্য সিংহাসনে সুখ নাহি লাগে
 সদা হয় অভিযোগ॥
ইহাক স্মৰিয়া নসহে পৰাণ
 শৰীৰ কৰে দগধ।
এহি বুলি ৰাজা দেখে তমোময়
 বাক্য ভৈলা নিশবদ॥৮৪