পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
কূৰ্ম্মৱলী-যুদ্ধ


এহিমতে সবে যত নৰ নাৰী
 চাহয় আনন্দ কৰি।
পুনৰপি আনি ৰাজাৰ আগত
 জগাইলেক সাঙ্গী কৰি॥
দেখি কূৰ্ম্মৱলী হৰিষ মনত
 বুলিলা সবাকো চাই।
পোতাশালে নিয়া  থৈয়ো বন্দী কৰি
 বিলম্বক নুযুৱাই॥৭৬
হেন শুনি যত ৰক্ষীয়া কটক
 ৰাজাৰ বুজিয়া মন।
পোতাশালে নিয়া কৰিলেক বন্দী
 কৰিয়া অতি যতন॥
ঋষিয়ে বোলয় শুনা জন্মেজয়
 পাছে যেন ভৈল কাজ।
যেবে ৰণ জিনি  কৰিলেক বন্দী
 দুঃশাসন যুবৰাজ॥৭৭
দেখি কুৰুসেনা মহাত্ৰাস হুয়া
 পাছক লগিয়া লৰে।