কৰিছে মহাজনে, মালিকে আৰু সিহঁতক কুলি কৰি চলাব
পৰা দলে। গণতান্ত্ৰিক চৰকাৰ গান্ধীৰ আদৰ্শত চলিছে
বুলি ৰাজেন্দ্ৰ প্ৰসাদে এবাৰ বুকুত হাত দি ক’ব পাৰিবনে?
যদি পাৰে কুলিৰ এই অৱস্থা তেওঁ এৱাৰ চোৱা প্ৰয়োজন
হ’ব বুলি যুক্তি বিচাৰে কয়। ঈশ্বৰৰ নামত ৰাষ্ট্ৰপতিয়ে
শপত লোৱাৰ আগতে এবাৰ মানৱতাৰ নামত—চল্লিশ কোটি
জনগণৰ নামত শপত কৰি মুক, মূঢ়, মৌন, ম্লান এই অৰ্দ্ধনগ্ন
মানৱ শ্ৰেণীৰ মৰ্য্যাদা কেনেকৈ পাৰে ৰক্ষা কৰক। ৰাতিপুৱাই
ডাঠ ৱস্তাত ভৰোৱা চাহত গুৰ-গাথীৰ নোহোৱা ক’লা চাহ
টোপাত কিছুমান আৰৈ চাউল ভাজি নিমখ দি খাই লৈ ৭
বজাৰ পৰা দুই বজালৈ ১০ নল ডবল্-কোৰ মৰা কুলিৰ
তেজৰপৰা আজি চাহপাত তৈয়াৰ হৈছে৷ চাহৰ ৰংটো
ভাবিলে এনেহে লাগে যেন ই মানুহৰ — ঠিক সিহঁতৰেই
তেজহে। কুলিৰ তেজ বিক্ৰী কৰি আজি ৱাগানৰ মালিকে
৬০ মাইল জোৰত নতুন মডেলৰ বেবী অষ্টিন্ গাড়ীখন
চলাই বিলাতী চুৰট টিঙে টিঙে শেষ কৰিব পাৰিছে।
মানুহৰ এনে নিকৰুণ অৱস্থাৰ কথা, অবিচাৰৰ কথা
ভাৱিলে ভগবানৰ সৃষ্টিখনত এফালৰ পৰা জুই দি ছাৰ-খাৰ
কৰি দিবৰ ইচ্ছা হয়। মাছ-ভাত গাখীৰ খাবলৈ পোৱা
হলেও কুলিৰ জীৱনত কিছু তৃপ্তি সাধন হলহেতেন।
চাউল ভজা চাহপানী, খাই সিহঁতৰ শৰীৰত শক্তি থাকিব
পাৰে কৰ পৰা? নৰ কঙ্কালবোৰক গৰমৰ দিনত মহ-ডাঁহে
পৃষ্ঠা:কুলি (উপন্যাস).pdf/২২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
কুলি