পৃষ্ঠা:কুলাচল বধ.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
কুলাচল-বধ ৷

ইচ্ছা হয় নিত্যে আত আয়াযাত কৰি।
কৃষ্ণকথা শুনিবোহোঁ তোমাক সাদৰি॥
শুনি মুনি প্ৰশংসিয়া বুলিলা বচন।
সাধু নাধু তোমৰাৰ সফল জীৱন॥
কৃষ্ণত আছয় যাৰ হেনয় ভকতি।
সিটো নৰ জানা ইহ লোকত মুকুতি॥
তীৰ্থকো পবিত্ৰ কৰি ফুৰা তোৰাচয়।
বহুপুণ্যে তোমাক দেখিলো নিশ্চয়॥
এহিমতে ঋষি বহু প্ৰশংসা কৰিলা।
আশষ কৰিয়া পাদ্য অৰ্ঘ্য আনি দিলা॥
মান্যপায়া পাণ্ডব আসিলা পূৰ্ব্বস্থান।
এহি মতে আছা ৰাজা কতো দিনমান॥
অহা যোৱা কৰি থাকে ঋষিৰ আশ্ৰমে।
তীৰ্থক স্নানিয়া আছা এহি অনুক্ৰমে॥
শুনা পাছ কথা আৰু জৈমিনি মহন্ত।
কহো যেন মতে তান অপায় ভৈলন্ত॥
যাৰ যেন সমাৱন্ত আছয় পূৰ্ব্বৰ।
তাক এড়াইবাক কাৰ শকতি বাপৰ॥
একদিন পুণ্যপৰ্ব্ব মিলিল আসিয়া৷
পাঞ্চোভাই চলি গৈলা তীৰ্থক লাগিয়া॥