পৃষ্ঠা:কুলাচল বধ.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
কুলাচল-বধ৷

পাছে কৰ্ণদত্ত ৰাজা পুত্ৰৰ শোকত।
সাজিবাক দিল গজ বাজী ৰথযত॥
শুনা পাত্ৰগণ আমি চলিবোঁ বনক।
কতমান দোষে শাপ দিলেক পুত্ৰক॥
হয় হস্তী ৰথ ৰথী যতেক আছয়।
আমাৰ লগত সবে চলোক নিশ্চয়॥
দুতয় হাজাৰ বধু আছয় পুত্ৰৰ।
আরু মোৰ মহিষী যতেক নিৰন্তৰ॥
দিব্য যানে চলায়োক পুত্ৰক চাহোক।
নগৰত আরু নথাকোক একোলোক॥
গালৱ বদতি ধৰ্ম্মৰাজ দিবা মন।
কৰ্ণদত্ত ৰাজাৰ বাসনা কুলক্ষণ॥
পুত্ৰৰ লগত তাৰো দুৰ্ঘট মিলিল।
আপুনি মৰিল আনো প্ৰজাক নাশিল॥
এতেকেসে কৰ্ম্মবাসনাত লোকচয়।
মহন্তক দ্বেষকৰি সমুলে মৰয়॥
প্ৰচণ্ড আদেশ কৰিলেক মন্দভাগী।
সমস্তে প্ৰজাক সিটো মৰাইবাক লাগি॥
প্ৰচণ্ড আদেশ বাণী শুনিয়া ৰাজাৰ।
অযুতে নিযুতে প্ৰজা লড়িল অপাৰ॥