পৃষ্ঠা:কুলাচল বধ.djvu/৪০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০২
কুলাচল-বধ।

আমি দৰিদ্ৰৰ মনে কৰিলো যুগুতি।
মহাযজ্ঞ ৰাজসুয় কৰিবাক প্ৰতি॥
এহিতো অৰ্জ্জুন বীৰ পৰম গহন।
একলক্ষৰাজা জিনি আনিবেক ধন॥
পৰ্ব্বত সমান দৌল ধনক বান্ধিলা।
মহাৰাজা সবে ধনঞ্জয় নাম দিলা॥
সপুত্ৰ বান্ধব সমে দেৱ বনমালী।
আসিলন্ত ইন্দ্ৰ প্ৰস্থ নগৰক চলি॥
মগধ দেশৰ পতি জৰাসন্ধ ৰাই।
তিনিয়ো লোকত তাত কেহো জিনে নাই
মাধবত হাৰিলেক অষ্টাদশবাৰ।
পৃথিবীৰ ৰাজা কেহো সমনাহি তাৰ॥
বলে জিনি আনি নবনিযুত ভূপাল।
পৰ্ব্বতৰ মধ্যত কৰিয়া বন্দিশাল॥
শিব চতুৰ্দ্দশীত হবক পুজিবাক।
জৰাসন্ধ বধি মেলাই নিলা ৰাজাবাক॥
অযুত হাজাৰ মত্ত মাতঙ্গৰ বল।
এহি বৃকোদৰে কোবাই মাৰিলা একল॥
সবে ৰাজাগণ মানে যজ্ঞক আনিল।
হেনয় ঈশ্বৰ কৃষ্ণ দীন দয়াশীল॥