সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৬
কুলাচল-বধ।


এতেকে তোমাৰ, বখান কৰয়,
 ভকত-বৎসল নাম।
অনন্ত অনাদি, নমো সত্যবাদী,
 পুৰা ভকতৰ কাম॥
আনো নানা স্তুতি,  কৰি ত্ৰিনয়নে,
 কৃষ্ণৰ আগত আছে।
মেঘৰ গৰ্জ্জনে, মধুৰ বচনে,
 মাধৱে মাতিলা পাছে॥
শুনিয়ো শঙ্কৰ, শুনা সৃষ্টিকৰ,
 তোমৰাত বাজ নায়।
ইটো প্ৰজা যত, ৰাখন মাৰণ,
 কৰিবা তোৰা সদায়॥
তোমৰাক যিবা, আৰাধন কৰে
 ৰাখিবা তাক সম্প্ৰতি।
যিটো নৰাধয়, তাক নৰাখিবা,
 ইপুনু অল্প যুগুতি॥
অসুৰ দানব, ৰাক্ষস পিশাচ
 দৈত্য আনো যত যত।
মনুস্য লোকক,  কেৱে নসহয়
 জানা ইটো সাৰ তত্ব॥