সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৫
কুলাচল-বধ।

এহি বুলি মহা ধনুখান টাঙ্কাৰিলা।
দিব্য বাণ সব আনি গুণত যুৰিলা॥
দশ দশ শৰে গাৱে গাৱে ভেদিলেক।
ছোট পায়া পাছ গুচি গৈলেক প্ৰত্যেক॥
হেন দেখি মুখ্য পাৰিষদ আঠজন।
দানবক প্ৰহাৰিলা দিব্য বাণগণ॥
মহাশৰ ঘাৱে নটলিল দুৰাচাৰ।
ঘৃত পায়া অগ্নি যেন উথলিল আৰ॥
আঠকো ভেদিলা মহা দারুণ সন্ধানে।
তেসম্বেও হুমকি ৰহিলা সাবধানে॥
ৰথ বায়া আগবাঢ়ি গৈলা কতো বেলি।
তাৰ সেনা সবো আগবাঢ়ি গৈল চলি॥
যথাত আছন্ত গরুড়ত চড়ি হৰি।
তাঙ্ক ৰণ দিবে লাগি গৈলা ৰঙ্গ কৰি॥
মেরুৰ উপৰে যেন সূয্য প্ৰকাশয়।
মাধবৰ সন্নিত চাপিলা দুৰাশয়॥
হৰিক নিৰীক্ষি পাছে কৰ্ণৰ তনয়।
কিনো মহা মধুৰ মুৰতি অতিশয॥
শীত বস্ত্ৰ চারু শ্যাম তনু মনোহৰ।
শিৰত কিৰীতি জ্বলে খচিত ৰত্নৰ॥