পৃষ্ঠা:কুলাচল বধ.djvu/৩০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৮
কুলাচল-বধ।


দধি দুগ্ধ মধু, শৰ্কৰা মিশ্ৰিত,
 স্বাদ অতি মিলে যথা॥
অমি অল্প জন, কিমতে বুঝিবোঁ,
 শ্লোকৰ অৰ্থ গহন।
তথাপিতো গুরু,  পদ শিৰে ধৰি
 কৰিলো ইটো বচন॥
জানি বুধ জনে, মোহৰ মৰসা,
 যত বুঢ়া-টুটা কাম।
হৰিৰ চৰিত্ৰ, পৰলোক বিত্ত,
 আক শুনা অবিশ্ৰাম॥
মোৰ পদ বুলি, হেলা নকৰিবা,
 কৃষ্ণৰ চারু চৰিত্ৰ।
শুনন্তে কৰ্ণত, অমৃত শ্ৰবয়
 পাতক দহে তুৰিত॥
মহন্ত সবৰ, ক্ষমাহে ভূষণ,
 গুণক বিস্তাৰ কৰে।
পৰম মঙ্গল, মহন্ত চৰিত্ৰ
 সামান্যকো যদি ধৰে॥
যেন জানি সবে, যত বুধ জন,
 ভাৰত কৰা শ্ৰৱণ।