পৃষ্ঠা:কুলাচল বধ.djvu/২৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯১
কুলাচল-বধ।


যত ভূষণ কবি বিৰচিলা পদ ছবি
 নিৰন্তৰে বোলা ৰাম ৰাম ৰাম॥

পদ।

পক্ষিগণে বোলে কথা শুণা মুনিবৰ।
যেন কথা ভৈল সবে আত অনন্ত॥
চাৰি অৰ্ব্বুদেক সেনা ৰণক বজাইল।
সাজন্তে মাৰন্তে তেবে ৰজনী পুহাইল॥
চলচল বুলি সবে কোবাৱে নিশান।
মহা আড়ম্বৰে কৰে ৰণক প্ৰয়াণ॥
খৰতৰ বেগে সবে চলে আগুৱাই।
শুনা হৰি সৈন্যে যেন কৰিলা সিঠাই॥
কুলাচল বীৰ যেবে গৈলেক পলাই।
পাৰিষদে কহিলেক মাধবক যাই॥
পলাইল দানব ৰাজা প্ৰাণ ৰক্ষা কৰি।
আমি সবে কি কৰিব কহিয়ো শ্ৰীহৰি॥
মাধবে বোলন্ত পাৰিসদ সব যত।
জিৰায়া ৰহিয়ো সবে ৰজনী কালত॥
এহি শুনি ৰৈলা সবে ছয়া এক ঠাই।
দানব সেনাৰ তৈত এক গুটি নাই॥