পৃষ্ঠা:কুলাচল বধ.djvu/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪১
কুলাচলবধ ৷

যি থানত বহি, মন্ত্ৰি পাত্ৰ সমে,
 দানব ৰাজা আছয়॥
দেখি মন্ত্ৰি সবে, শৰ বৰিশিলা,
 ঢাকি দিশ নিৰন্তৰে।
অন্ধকাৰ ভৈল, ৰবিৰ কিৰণ,
 আচ্ছাদিল আতিবৰে॥
অন্ধকাৰ পায়া, মাধবৰ সৈন্যে,
 তথাতে থমকি আছে।
দেখি বড় বড়,  পাৰিষদ গণে,
 বাণ বৰিষিলা পাছে॥
দৈত্যশৰ ছেদি, কৰিল প্ৰসন্ন,
 আন্ধাৰ সবে গুছিল।
মন্ত্ৰি সমূহক  খানিকো নাপেখি,
 গাৱে গাৱে প্ৰহাৰিল॥
সহিৱে নোৱাৰি, দানব পদাতি,
 ৰাজাৰ পাছে ৰহিল।
পাৰিষদ গণে, ছেদি ভেদি নাই,
 যুদ্ধে কেহো নপাৰিল॥
দেখি কুলাচল, ৰাজা মহা খঙ্গে,
 বচন বুলিবে লৈল।

(২১)