পৃষ্ঠা:কুলাচল বধ.djvu/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৪
কুলাচল-বধ।

মহাভয়ানক দেখিলাতে লাগে ভয়।
বিধূম অগনি যেন জ্বলন্তে আছয়॥
দেবগণে দেখি খেদে কৰে হাহাকাৰ।
এহি শূলঘাৱে ধনঞ্জয় যাইবে মাৰ॥
মাৰোঁ মানুষক বুলি হানিলেক তুলি
আকাশক চানি শূল চলঘ্ন হাম্ফ্ৰলি॥
সিন্ধ বিদ্যাধৰ দেব তৰসিয়া গৈল
মেঘৰ মাঝত পশি আৰ হুয়া ৰৈল॥
হেন দেখি ইন্দ্ৰসুতে ক্ৰোধ কৰি বৰ।
বজ্ৰদন্ত নামে শৰ লৈলা বাসবৰ॥
যিতো শৰে পুৰন্দৰে অসুৰ জিনিল।
বিষ্ণুতেজ দিয়া ঋষি অগস্তি গঢ়িল॥
ব্ৰজকুট ব্ৰজদন্ত দুই পাট শৰ।
বঘাষুৰ বধিবাৰু দিলা ব্ৰজধৰ॥
সেহিশৰ গুণত যুৰিলা ধনঞ্জয়।
গৰুড়ৰ পখা চাই আছে ৰত্নময়॥
বিষ্ণুমন্ত্ৰ লিখি আছে পখাৰ উপৰে।
তাক চাই পঠন কৰিলা বীৰবৰে॥
বিষ্ণু মন্ত্ৰ পঠন কৰিলা যেতিক্ষণ।
কাটিলেক শৰ যেন কাল হুতাশন॥