পৃষ্ঠা:কুলাচল বধ.djvu/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৪
কুলাচল-বধ


হাউৰে মনুষ্য তোৰ মৰণ মিলিল।
মোৰ জাতকৰ্ম্ম তয় কিমতে জানিল॥
মোৰ হাতে আজি মৰি যাইবি চাৰিজন
এহি বুলি কৰকৰি চোবাৱে দশন॥
পৰম প্ৰচণ্ড ধনু তুলিয়া ধৰিল।
চাৰিপাট দিব্যশৰ গুণত যুৰিল॥
দীঘল তিখাল মহাশৰ চমত্কাৰ।
চাৰিয়ো বীৰকহানিলেক একেবাৰ॥
দেখি চাৰিবীৰ কিটাইলেক শৰ পাই।
ঘৃতদান পায়া যেন অগনি উথাই॥
চাৰিবীৰে কোপ মনে শৰঝাক দিল।
দানৱৰ ৰাজা তাক দূৰতে ছেদিল॥
দেখিয়া অৰ্জ্জুনে শৰ মাৰিবে লাগিল।
অৰ্দ্ধে উৰ্দ্ধে চানি অনি নিসদ্ধি ঢাকিল॥
নেদেখিয় দানবক ঘোৰ অন্ধকাৰ।
দেবে বোলে দানবৰ চিন্তিলেক মাৰ॥
মহিষৰ ৰথখান বিপাকে ফুৰয়।
গাতৰ ভিতৰে যেন দেখি তমোময়॥
অনন্তৰে তাৰ যত লগৰীয়া বীৰ।
ভীম নকুলক ধাইলা কোপিত শৰীৰ॥