সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৫
কুলাচল-বধ।


শৰ প্ৰহাৰিবে যদি মই মন কৰো।
আগে আসম্বাৰ জানো প্ৰহাৰতে মৰো॥
এহি বুলি ৰাম কৃষ্ণ নাম উচ্চৰিল।
ভকতক ৰাখি হৰি হৃদয়ে পশিলা॥
এক ফাল কৰি ধনু খান তুলি লৈলা।
মহা চণ্ড নাদ কৰি কোবাইবে লাগিলা॥
বজ্ৰময় ধনুতাৰ মহিমা প্ৰচণ্ড।
বঘাসুৰ বধিৰাক ইন্দ্ৰে দি আছন্ত॥
তাৰ এক ভাগে ধৰি বীৰে কোবাৱয়।
কোবে কোবে দৈত্য শত পঞ্চাশ মৰয়॥
দানব সকলে প্ৰহাৰিবে নপাৰয়।
ওচৰ চাপিবে কাৰো শক্য নাহি কয়॥
মহা বেগে চাৰি দিকে কোবায়া ফুৰয়।
বুমাৰৰ চাক যেন দানব ঘুৰয়॥
দেব সবে বেলে কিনো ৰণ ভয়ঙ্কৰ।
বিজয় হোন্তক বীৰ পাণ্ডুৰ কুমৰ॥
এহি মতে চয় দণ্ড মানে প্ৰহাৰিল।
অসংখ্য হাজাৰ দৈত্য কটক মৰিল॥
সহিবে নপাৰি তান প্ৰহাৰ দুৰ্ব্বাৰ।
অন্তৰি ৰহিলা সবে ভয় হুয়া বৰ॥