এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
কুমৰ-হৰণ
মই সেই পুৰুষক নাপাওঁ স্বামী কৰি।
সত্যে সত্যে মৰিবো কটাৰী ঝাস কৰি॥
এই বুলি ঊষায়ে কটাৰা তুলি লৈলা৷
সখীৰ আগতে মৰিবাক সাজ ভৈলা॥
থাপ দিয়া চিত্ৰলেখা অস্ত্ৰ কাঢ়ি লৈলা৷
দূৰক লাগিয়া তাই আছাৰি পেলাইলা॥
চিত্ৰলেখা বোলে সখি তইসে আজলী।
সপোনত স্বামী দেখি ভৈগৈলি বিকলি॥
স্বপ্নত পাৱয় অষ্ট নিধিৰ ভাণ্ডাৰ।
চেতন লভিলে সৱে হোৱে ছাৰ খাৰ৷
সপোনত পঞ্চামৃত ভুঞ্জে পেট ভৰি।
তেবে কি পলাই ক্ষুধা জানিবা সুন্দৰী॥
সপোনত যাই যদি দূৰ দেশান্তৰে।
চেতন লভিলে, থাকে গৃহৰ ভিতৰে॥
স্বপ্নৰ কথাক সবে পাছ কৰি থৈয়ো।
সব কথা এৰি সখি স্বস্থ মন হুয়ো।
হেন শুনি মাতে ঊষা বৰ কোপ কৰি॥
আন কথা কই মোক ভাণ্ডস সুন্দৰী॥
সপোনত থাকে নাৰী পুৰুষৰ সঙ্গে।
চেতন লভিলে ঐত পুৰুষে আলিঙ্গে॥