পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পীঠস্থানৰ কাষতে মুখ-ধোৱা ঠাই আৰু তাতে লোটা এটআপ গামোছা এখন ইত্যাদি উপকৰণ। বেৰৰ ওচৰতে এটা জsa খোটালী, তাৰ বেৰ আৰু চালত কত যুগৰ পৰা পিক,মকা জাল আৰু চিয়াহীৰ দাগ আছে, কোনে কব । গোটেইn খোটালীতকাপোৰপতা আৰুতাৰ ওপৰত আউজিবলৈমলিয়ে কলা গৰু দুটা বাস্তৱিকতে বহিবলৈ পতাকাপোৰখন আৰু গাক দুটাৰ গিলিপ দুটাই জীৱনত কেতিয়াও কোনো ধোবা মুখ দেখা নাই। অথচ ভাৰতৰ এনে কোনো ডাঙৰ মানুহ নাই যাৰ ভৰিৰ ধূলি আৰু গাৰ গোন্ধ সেই চাদৰ আৰু গাবরে নাই পোৱা । শুনিছো, ঘৰৰ ভিতৰৰ অৱস্থা আৰু শোচনীয় । শিশিৰবাবুৰ বৈদ্যনাথৰ ঘৰৰ অৱস্থাও এনে । তাত বহিবৰ আসন, বিছনাৰ চাদৰ, দুৱাৰৰ কাচ, সকলোবোৰ খবৰকাগজৰ শুনিছো শিশিৰ বাবুৱে অমৃতবাজাৰত যেতিয়া বোর্ডৰ মেম্বৰ বিমচ্‌ (Beams) চাহাবৰ কীৰ্ত্তিকলাপ প্রকাশ কৰি তেওঁক ত্ৰাহি ত্ৰাহি অৱস্থা কৰিছিল, সেই সময়ত বিমচ এবাৰ কাৰ্যোপলক্ষত বৈদ্যনাথলৈ গৈছিল। এজন ক্ষুদ্রকায় আস্তিচৰ্ম্মসাৰ মানুহ এটা টাটু ঘোৰা এটাত উঠি যোৱা এদিন বিম্‌চে দেখিলে। সেই মানুহটোৰ চুৰিয়া কলা, ভৰিত মোজা নাই, ফটা জোতা, গাত গুদাম নথকা কামিজ, আৰু মূৰত এবিধ "চোলা হেট" অর্থাৎ কুহিলাৰ চাহাবী টুপী । এটা ল’ৰাই টাটুটো জৰীৰে টানি নিছে, আৰু থাকি থাকি অশ্বাৰোহীজনে ঘোৰাটোক বাহৰ টোকন এডালেৰে কোবাইছে কোন বুলি তেওঁৰ লগৰীয়াক সুধিলত উত্তৰ পালে – অমৃতবাজাৰ পত্রিকাৰ সম্পাদক শিশিৰবাবু। বিম্চে আচৰিত Č: FYF "O is that the vagabond !" পৃথিৱীৰ প্রকৃত বুৰঞ্জী বা ইতিহাস মুঠেই এখন । সেইখন হৈছে সমগ্র মানৱ জাতিৰ ইতিহাস । এইখন দেশৰ বুৰঞ্জী, সেইখন দেশৰ বুৰঞ্জী, সেই একেখন ডাঙৰ বুৰঞ্জীৰ একো একোটা অধ্যায় মাথোন । যি সেই অধ্যায় একেটাকে সম্পূৰ্ণবুৰঞ্জীভাবসন্তুষ্ট থাকে,সি পেট্রিয়টবাস্বদেশহিতৈষী বুলি খ্যাতি লভিব পাৰে, কিন্তু প্রকৃততে তেওঁৰ জ্ঞান, তেওঁৰ অভিজ্ঞতা আৰু তেওঁৰ সহানুভূতি এটা অধ্যায়ৰ পাটনাদৰ ভিতৰতহে । যেতিয়ালৈকে এই পাটনাদ নিবাসী প্রাচ্য আশ পাশ্চাত্য পণ্ডিতভিমানীসকল পাটনাদৰ পৰা ওলাই পৃথিৱীৰ সমগ্র মনুষ্যৰ আকাঙ্গ,ইচ্ছা আৰু সুখ-দুখৰ সমুদ্রত নিজৰ