পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেখো । এইটো যে ভুল তেওঁলোকৰ মনত নেখেলায় । (খ) "বঙলা ভাষা"হে শুদ্ধ । কাৰণটো কি তেওঁলোকে ভাবিলেই পাব “আমালোক" শব্দটোক কোনো কোনোৱে ব্যৱহাৰ কৰা দেখিছো । “আমালোক” অশুদ্ধ, তাৰ ঠাইত "আমি"হে শুদ্ধ,এইটো আমি ল’ৰাকালৰ পৰা জনা কথা। অসমীয়া ডেকা লেখকে বঙলা idiom তেওঁলোকৰ ৰচনাত ব্যৱহাৰ কৰা দেখি দেখি আজিকালি আমাৰ চকু বিষাল। সেইবোৰ আঙুলিয়াই দিলে, কিজানি আমাৰ ওপৰত তেওঁলোকৰ খঙেই উঠিব । বয়সৰ লগে লগে আজিকালি আমাৰ গাৰ তেজ চেচা হৈ আহিল, হাই-উৰুমি আৰু খঙৰ মেলত পৰাপক্ষত সোমাবৰ মন সমূলি নাই। তাৰ উপৰি আমি নিজেই ভুলৰ বৰ টোপোলা। তথাপি এইখিনিতে দুটা এটা উনুকিয়াওঁ — “বেজাই ফুর্তি”, “হতভম্ব হৈ”, “হামাগুৰি দি", “তেওঁৰ কথা বজায় থাকিল”, “এখন মটৰ ভৰা কৰি”, ইত্যাদি। (গ)* (ক) তেতিয়া শ্যাম আছিল । (খ) খঙত বঙালী শুদ্ধ । (গ) নহ’লে “উচ্চ দৰৰ” সাহিত্য হয় কেনেকৈ ? – সম্পাদক, পত্রিকা । * অসম সাহিত্য সভা পত্রিকাৰ মন্তব্যটি চতুর্থবছৰ প্রথম সংখ্যা পত্রিকাৰ ৪১ পিঠিত (ভাষাতত্ত্ব আৰু ব্যাকৰণ) চাওক –সংকলয়িতা বে, গ্র