পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সেই গোটেইখন কামৰূপৰ ভিতৰত আছিল, আৰু তাৰ বঙ্গালী মানুহবোৰ কিছুমান শতিকাৰ আগলৈকে কামৰূপীয়া আছিল। বুৰঞ্জীবিদ পণ্ডিত পঞ্জিটৰ ছাহাৰ সিদ্ধান্ত কৰি কয় যে মহাভাৰতৰ যুদ্ধৰ সময়ত পুৰণি প্রাগজ্যোতিষ ৰাজ্যৰ ভিতৰুৱা আছিল, এই দেশবোৰ – - বৰ্ত্তমান কালৰ অসমৰ সৰহভাগ, বঙ্গৰ জলপাইগুৰি কুচবিহাৰ,ৰংপুৰ বণ্ডৰা,মৈমনসিং, ঢাকা,ত্ৰিপুৰা, পাবনাৰ এডোখৰ আৰু সম্ভৱতঃ নেপালৰ পূবডোখৰ। ৰামায়ণত আছে যে অমূৰ্ত্তৰাজে প্রাগজ্যোতিষ ৰাজ্য স্থাপন কৰিছিল ধৰ্ম্মৰণ্যৰ কাষত অমূৰ্ত্তৰাজ কুশৰ পুতেক আৰু বিশ্ববিখ্যাত বিশ্বামিত্ৰ ঋষিৰ ককাক । কৌশিক নৈৰ আজিকালি নাম কুশী। প্রাচীন কালত এই কুশীলৈকে কামৰূপৰ সীমা আছিল, আৰু আজিকালিবিহাৰ প্ৰদেশৰ ভিতৰত থকা পূর্ণিয়া ডিষ্ট্রিক্ট কামৰূপৰ ভিতৰত আছিল। আনকি, ষষ্ঠ শতিকাৰ আগডোখৰতে কুশী নৈ প্ৰাগজ্যোতিষৰ পশ্চিম সীমা আছিল। খৃষ্টাব্দৰ এহেজাৰ বছৰৰ আগলৈকে প্রাগজ্যোতিষৰ দক্ষিণ সীমা সাগৰ, পশ্চিম সীমা কুশ নৈ, আৰু উত্তৰ সীমা ভোটৰ পৰ্ব্বত আৰু নেপালৰ এছোৱা আছিল । যিহওক এইটো নিশ্চয় যে প্রাগজ্যোতিষৰ বা পুৰণি কামৰূপ, মহাভাৰতত উল্লেখ কৰা আনবোৰ অনেক ৰাজ্যতকৈ অনকে গুণে ডাঙৰ আছিল আৰু গৌতম বুদ্ধৰ কালত থকা ষোলখন মহাজনৰ পদৰ ভিতৰৰো কেইবাখনতকৈও বৰ আছিল । আমাৰ বিশ্বাস আছিল যে ভাৰতৰ আদিবাসী দ্রাবিড়ী জাতিৰ মানুহ । সেইটো ঠিক নহয় । দ্রাবিড়ীৰ আগতে ভাৰতত এজাতিৰ মানুহ আছিল, যাৰ অৱশিষ্ট অসমৰ খাচীয়া আৰু ছিনটেং। সেই জাতি মনখেমৰ । ছোট নাগপুৰৰ মুণ্ডাও সেই জাতিৰ লগা-ভগা । সেই জাতৰ মানুহৰ ভাষা অষ্ট্রিক শ্রেণীৰ। আসাম, ব্রহ্ম আৰু কম্বোডিয়াত সেই ভাষাৰ চিন এতিয়াও আছে। সেই জাতি মানুহে একালত উত্তৰ ভাৰত আৰু সম্ভৱতঃ দক্ষিণ ভাৰততো বসতি কৰিছিল। সেই জাতিৰ মানুহকে ভাৰতৰ আদিবাসী বুলি ধৰিব পাৰি। এই জাতিৰ মানুহৰ পিছতহে ভাৰতলৈ দ্রাবিড়ী জাতিৰ মানুহ আহে। বেলুচিস্থানতো দ্রাবিড়ী জাতীয় ভাষা এটা থকাৰপৰা বুজিব পাৰি যে দ্রাবিড়ীবোৰ বেলুচিষ্টানেদি