পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কোনো আচল ব্রাহ্মণৰ শাৰীত সোমাইছিহি, তাত আমি এধানমানো বেয়া নাপাও । কাৰণ আমি বিচাৰে যে সকলে জাতৰ মানুহে যেন ব্রাহ্মণৰ গুণ লভি ব্রাহ্মণত্ব লাভ কৰে । আৰু গোটেই অসমখন যেন এক বৃহৎ ব্রাহ্মণৰ দেশ হয়। আমাৰ সামাজিকৰ ব্ৰাহ্মণ অসমবাসীৰ ভিতৰত সকলো জাতৰ মানুহ যে থাকিবই 'ইতৰ জাতৰ মানুহক লগুণ দিবামুণ কৰা” ৰজাৰ জাতৰ আহোম ভ্ৰাতাসকলো নিজৰ ধৰ্ম্ম পৰিত্যাগ নকৰাকৈ অর্থাৎ ভাল ধাৰ্ম্মিক মুছলমান ভাই সকলো নিজৰ ধৰ্ম্ম পৰিত্যাগ নকৰাকৈ অর্থাৎ ভাল ধাৰ্ম্মিক মুছলমান হৈ থাকিও তাৰ ভিতৰত সেমাব পাৰিব। কাৰণ এই ব্রাহ্মণত্বৰ ভেটি গুণৰ ওপৰতহে । “তিনদিনীয়া অসমীয়া’’ৰ পৰা উদ্ধৃত । * বাঁহী একবিংশ বছৰ, তৃতীয় সংখ্যা, আহাৰ, ১৮৫৪ শক। ($8) Early History of Kamrup. From the earliest times to the end of the Sixteenth Century. By Rai K.L. Barua Bahadur B.L. Deputy Commissioner, Assam (retired). President, Kamrupa Anusandhan Samiti, Honourary Secretary, Provincial Coin Committee, Assam, etc. Published by the author, Shillong 1933. এইখন এখন অতি প্রাচীন কালৰেপৰা আৰম্ভ কৰি, নৰনাৰায়ণ ৰজাৰ কাললৈকে পুৰণি কামৰূপ ৰাজ্যৰ ধাৰাবাহিক বুৰঞ্জী । কিতাপখনৰ কাকত ভাল, ছাপা ভাল, তামৰ ফলি, শিলা-লিপি, মোহৰ, ইত্যাদিৰ কেইবাটাও ভাল চিত্র কিতাপখনত দিয়া হৈছে । কিতাপখন অনেক গৱেষণা, অনেক চিন্তা আৰু পুৰুষাৰ্থৰ ফল, আৰু অসমৰ বুৰঞ্জী বিভাগত আপুৰুগীয়া বস্তু । বৰুৱা ডাঙৰীয়াৰ আগেয়ে কি যুৰোপীয় কি ভাৰতীয়, কোনেও প্রাচীন বিশাল কামৰূপ ৰাজ্যৰ এনেকুৱা সংলগ্নভাৱে বুৰঞ্জী লেখিবলৈ প্রয়াস কৰা নাছিল, তেওঁলোকে অসংলগ্নভাৱে অ'ত এছোৱাতত এছোরা লিখিছিল মাথোন । সিও বৰ বাদেরব দৰে প্ৰাঞ্জল আৰু গবেষণাপূর্ণ নহয় । আনকি, গেইট