পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উচ্চশ্রেণীৰ হিন্দু লিগিৰা-লিগিৰী হৈ ৰাজানুগ্রহ লাভ কৰাৰ কথা তেওঁ কৈছে । আৰু কৈছে – "খোৰাৰজাস্বৰ্গদেবে৮ ঘৰ আকবুঢ়া ৰজাস্বৰ্গদে, ১০ ঘৰ মুঠতে ১৮ ঘৰ বৰাহী আদি ইতৰ জাতিৰ মানুহক লগুণদি ব্রাহ্মণ কৰি শুদ্ধিচলায়েই গৈছে এইব্রাহ্মণসকলৰ ভিতৰত আমাৰ কৈৱৰ্ত্ত ভ্ৰাতাসকলৰ আৰু বলিয়া হৰি, বন্ধুসকলৰ বঙ্গহনাই বুলি কোনোৱে ন-দি ক’লেও অসমীয়া ৰাইজে জানো বিশ্বাস কৰিব ?" আমাৰ বন্ধুবৰবৰুৱাই তেওঁৰ অক্ষয় বুৰঞ্জীৰ কমাৰপ্রয়োগ কৰিছে লক্ষ্য কৰিবলগীয়া । বজাৰ অনুগ্রহ পাবৰ নিমিত্তেপ্রজাৰ ভিতৰৰ কোনো কোনোৱে অকল আহোম ৰজাৰ চাঙতে লিগিৰা হোৱা নাছিল । মুছলমান ৰজাৰ ঘৰতো, আন কি আন ৰজাৰ ঘৰতো আগেয়ে আৰু আজিও হৈছে,হৈছিল আৰু হ’ব এইটাে নিয়মৰ ব্যতিক্রমহেনিয়ম নহয়। লুভীয়াই এনেকুৱাকে কৰি বৰ হ’বলৈ যায় । সেই কথাৰ সংকেত দি বৰবৰুৱাই বামুণৰ মাখিছালত বেজীৰে খোচ মৰাটো অশোভন কাৰ্য দুই ৰজাই মুঠতে ১৮ ঘৰ ইতৰ জাতৰ মানুহক লগুণ পিন্ধাই বামুণ (?) কৰিলে । আমি কওঁ কি achivement! আৰু সঁচাকৈ সেই ১৮ ঘৰ মানুহ বামুণ হ’লনে ? বৰবৰুৱাই পাহৰিছে যে ৰজাই বামুণ কৰিব নোৱাৰে,বামুণেহেৰজা পাতিব পাৰে। এইটো চিৰকাল হৈ অহা কাৰ্য আহোম ৰজাই হিন্দু কোচৰজাক ঠগি ঘটুৱাবলৈ যুঁজত কিছুমানইতৰজাতৰ সেনাৰ গাত লগুণ পিন্ধাই আগ কৰি দিছিল, এইটো জানি যে হিন্দু কোচ ৰজাই বামুণৰ গাত অস্ত্র নাহানে ? যুদ্ধৰ পিছত সেই লগুণ লোৱা ৰণুৱাবোৰৰ কিছুমানে লগুণ এৰিবলৈ অমান্তি হোৱাত আহোম ৰজাই out of gratitude সিহঁতক তাকে কৰিবলৈ এৰি দিলে। কিন্তু সিহঁতে সচাসচিকৈ প্রকৃত ব্রাহ্মণসকলৰ শ্রেণীত ঠাই পালে নে ? আচল ব্রাহ্মণে সিহঁতেৰে সৈতে খোৱা-লোৱা,বিয়া-বাৰু আদি সম্পর্ক কৰিছিল নে ? নাইবা সিহঁত সুকীয়া এটা শ্রেণী হৈ হাবুঙত "হাবুঙীয়া বামুণ", "নদীয়াল", "পিঠিয়াল", "ঘৰিয়াল" হৈ থাকিল । কৈৱৰ্ত্তৰ গাত কোটকোৰা কাইটৰ পিছতে বামুণৰ গাত এই বেজীৰ খোচ । হে হৰি বৰবৰুৱাৰ হাতৰ পৰা ভেকুৰী বুৰঞ্জীকেইখন তুমি কাৰোবাৰ হতুৱাই হৰণ কৰাব নোৱাৰানে? তেনেহ’লে আমাৰ দুখীয়া অসম দেশখনত আমাৰ ভিতৰত অমিল-অস্ত্রীতি কমে। যদি সেই হাবুঙীয়া বামুণৰ কোনো কোনো বংশধৰ আজিৰ এই খেলিমেলিৰ দিনত পিছ দুৱাৰেদি